Friday, March 27, 2020

এক অসবৰ্ণ প্ৰেমৰ নাম: ৰীত আৰু লাভয়া


✍️---অনুশ্ৰী গোহাঞিবৰুৱা
                 
   (১)
ফাগুনৰ এজাক পছোৱা বতাহ.........
উৰুৱাই নিছে তাইৰ দীঘল চুলিকোচা। পিন্ধনত এযোৰ পাতল গুলপীয়া ৰঙৰ চুৰিদাৰ। চকুত কাজল, ওঁঠত পাতল লিপষ্টিক। বতাহত উৰি যোৱা চুলিকোচাই যেন তাইক বাৰে বাৰে আমনি কৰিছে। এফালে চুলি, আনফালে দোপাত্তা। আৰু লগতে বতাহৰ স্পীড যেন বাঢ়িছে। ফাগুনৰ শুকান মৰহি সৰি পৰা পাতবোৰৰ লগত পায়েলৰ জুনুক জুনুক শব্দ‌ই এক বেলেগ পৰিৱেশৰ সৃষ্টি কৰিছে।
......
কোনোদিনে এনেকৈ ছোৱালীক নোচোৱা ৰীতে আজি এই ছোৱালীজনীৰ পৰা চকু নমাৱই পৰা নাই। আচলতে, সচাঁকৈয়ে ছোৱালীজনী কিবা এটা ধুনীয়া। একেবাৰে simple ছোৱালীজনী। নাজানো, but তাৰ কিবা এটা ভাল লাগি গ'ল।
ৰীতে ভাৱি থাকোঁতে তাই তাৰ মুখৰ আগেয়ে পাৰ হৈ গ'ল।
.................
: ঐ ৰীত কি হ'ল... তই ভেবা লাগিলি যে। ঐ ৰীত.. ৰীত....
আকাশৰ মাতত ৰীতে বাস্তৱলৈ ঘূৰি আহিল। সি ইমানেই গভীৰভাৱে তাইক চাইছিল যে তাৰ মুখৰ আগেয়ে তাই পাৰ হৈ গ'ল, তাৰ পিছতো সি কিবা গমকে নাপালে, চাইয়ে থাকিল। কিন্তু, ৰীতৰ নিজৰ ওপৰতে খং উঠিল। কাৰণ ইমানকে চাই থকাৰ পিছতো তাই কোনফালে গ'ল সি ধৰিবই  নোৱাৰিলে। এনেকুৱা পাগলামী তাৰ লগত কেতিয়াও নাই হোৱা। আজি যে কি হ'ল....তথাপিও সি ইফালে সিফালে চালে। দেখিলে, ছোৱালীজনী নাই। ক'ত যে গ'ল।....
  
(২)
ৰাতি ৰুমলৈ আহি‌ বিছনাখনত পৰি সি ছোৱালীজনীৰ কথাকে ভাবিলে। কি নাম , ক'ৰ হয়, ইত্যাদি বহুতো কথা তাৰ মনলৈ আহিলে। লগতে আৰু এটা কথা তাৰ মনলৈ আহিল যে আকৌ দেখা পাব নে?? এইবোৰ ভাবি ভাবি কেতিয়ানো সি টোপনি গ'ল গমকে নাপালে।
........
"তুমি যেন হৃদয়ৰ মলয়া বতাহ".... ৰীতৰ হেল্ল' টিউনত জুবিনৰ এটা কালজয়ী গীত। ফ'নটো বাজি উঠাতহে সি পাৰ পালে।
: অ, আকাশ ক.... ইমান ৰাতিপুৱাই ফ'ন কৰিলি যে?
: অই এবাৰ ঘড়ীটো চাচোন, ক্লাছ নকৰ নেকি.. মই তলত লৈ আছো। সোনকালে আহ.....আৰু শুনচোন শুন, ইমান ৰোমান্টিক গান লগাইছ যে...উমমম, বেটা মানে প্ৰেমত
: এহ কামোৰ নিদিবি .. গৈ আছো ৰহ।

আকাশে প্ৰেমৰ কথা কোৱাত ৰীতে ভাবিলে, সি সচাকৈয়ে প্ৰেমত পৰা নাইটো। বোলে প্ৰথম চাৱনিতে প্ৰেম। নাই নাই, প্ৰেম নহয়, কাৰণ এইখন চিনেমা নহয়টো। ৰীয়েল লাইফ হয়। ৰীয়েল লাইফতনো এনেকৈ প্ৰেম হবনে??... তথাপিও কিয় নাজানো, এইবোৰ ভবাৰ পিছতো সি ছোৱালীজনীক আজিও দেখিবৰ বাবে নেদেখাজনৰ ওচৰত মনতে প্ৰাৰ্থনা কৰিলে........
(৩)
কলেজৰ কেন্টিন। কেন্টিনৰ এটা চুকৰ টেবুলখন ৰীতহঁতৰ কলেজ আড্ডাৰ নিৰ্দিষ্ট ঠাই। আনদিনাৰ দৰে আজিও একে।
:অই ৰীতৰ কিবা এটা হৈছে। তাৰ বোলে সঁচা প্ৰেম হৈছে।
:কি  true love? আৰু ৰীত?
আকাশৰ কথাত  লগৰ সকলোৱে হাঁহিলে। ৰীতৰ ৰ
লগত সঁচা প্ৰেম,‌ এই কথা লগৰ বোৰৰ যেন কিবা হজম হোৱা নাই।
: True love ৰ কথা নাজানো।‌ but কথাটো হ'ল যে, কালি সেই ছোৱালীজনীক দেখাৰ পৰা কিবা বেলেগ বেলেগ  type লাগিছে। কি হৈছে মই নিজেও নাজানো।
আকাশহতঁৰ মাজত এই কথাটো breaking news হৈ পৰিছে। কথাটো গম পাই সিহঁতৰ মাজত বেলেগ এটা পৰিৱেশৰ সৃষ্টি হৈছে। তেনেতে টেবুলত থকা ৰীতৰ ফ'নটো বাজি উঠিল। ম'বাইলৰ Screen খনত নামটো দেখি আটাইকেইটাই এক আচৰিত চাৱনিৰে ইটোৱে সিটোৰ মুখলৈ চাই ৰ'ল।  তেতিয়াও কিন্তু ফ'নটো বাজি থাকিল আৰু ম'বাইলৰ Screen খনত জিলিকি উঠিল  "স্নিগ্ধা"  ৰ নামটো।
..................
(আগলৈ)

এক অসবৰ্ণ প্ৰেমৰ নাম: ৰীত আৰু লাভয়া

✍️ ---অনুশ্ৰী গোহাঞিবৰুৱা                      (১) ফাগুনৰ এজাক পছোৱা বতাহ......... উৰুৱাই নিছে তাইৰ দীঘল চুলিকোচা। পিন্ধনত এযোৰ পাতল...